Search This Blog

// //

Assamese status | Assamese Quotes | Assamese Status for facebook, Whatsapp | অসমীয়া ষ্টেটাছ | ফেচবুক ষ্টেটাছ | হোৱাট্ছএপ ষ্টেটাছ

Assamese status | Assamese Quotes | Whatsapp | Facebook | FB Status | অসমীয়া ষ্টেটাছ | ফেচবুক ষ্টেটাছ  | হোৱাট্ছএপ ষ্টেটাছ  |  

1.

Assamese Status
Assamese Status
          কলিজাৰ পাতত তোমাৰ ঠিকনা লিখি
          সকলোকে জনাম আমাৰ কথা
              যদি এবাৰ সহাৰি দিয়া
                বুজায় মোৰ বুকুৰ ব্যথা।

      2.
      Assamese Status
      Assamese Status
               

        শৰতৰ শেৱালী ফুটা নিয়ৰৰ টোপাল তুমি!
        জোনাকৰ অভ্ৰান্ত পোহৰত জিলিকি উঠিলা অবিকল।
        শেৱালী ফুলৰ পাতৰ দৰে মই
        ঢালি থলোঁ তোমাৰ মৰমৰ অনাবিল সৌন্দৰ্য্যত।

        You are reading Assamese status

        3.


          Assamese Status
          Assamese Status
                          

            অভিমানবোৰ অলপ কমকৈ কৰিবি চোন!!
            বাৰে বাৰে তোৰ অভিমান ভৰা, ৰঙা মুখখনিৰ প্ৰেমত পৰো,
            খং মিশ্ৰিত দুচকুৰ চাৱনিত বাৰে বাৰে ডুবি যাওঁ তোৰ প্ৰেমত!

            উফ্!!
            সঁচাই কৈছো, অভিমান কমকৈ কৰিবি!!


            4.
            Assamese Status
            Assamese Status
                   


                ভালপাইছিলো বতাহ, বৰষুণ আৰু মুক্ত আকাশ,
                  তই ভালপাৱ বাবেই!!
                  পিছে, আজি তই তই লগা অনুভৱ নাই বতাহত,
                বৰষুণজাকৰ সেই মাদকতাও হেৰালে,
                  আৰু আকাশতো কলীয়া ডাৱৰৰ আৱৰণ!
                           তই যোৱাৰে পৰা মাত্ৰ হেৰুৱাইছো,
                          ক্ৰমশ: উদং হৃদয়, উকা পৃথিৱী!

              5.
              Assamese Status
              Assamese Status
                          
              তোৰ খং উঠি থকা মুখখনৰ মাজত মোৰলৈ থকা মৰমবোৰ দেখি ভাল লাগে ।

               লুকাই চুৰ কৰি তোৰ চকুলৈ চাই লাজ কৰি ভাল লাগে।

              মনটো আলফুল হৈ উঠে তোৰ হাঁহিটো দেখিলে । 

              নিজক বতাহত এৰি দিম যেন লাগে


              Content - Assamese Status, Assamese Quotes, Assamese status for Whatsapp, Assamese status for Facebook