ভালপোৱা❣
ঐ শুনা....তোমাৰ নিভাঁজ বেঁকা হাঁহিটোতে বিচাৰি পাওঁ,
মোৰ নামৰ সুখ কন।
তোমাৰ সেই হৰিণী নয়নী চকুযোৰিতে বিছাৰি পাওঁ,
মোলৈ লুকাই ৰখা হেজাৰ ভালপোৱা।
আৰু কি জনা......
তোমাৰ গোলাপৰ পাহি যেন দুটি ওঁঠে মোক দি যায় ভালপোৱাৰ বতৰা।
ফাগুণৰ এই মলয়া বতাহজাকেও কাণে কাণে আহি কয়,
তুমি মোৰ আৰু মই তোমাৰ।
হয়তো এয়াই ছাগে..বিনাস্বাৰ্থত
তোমাৰ প্ৰতি থকা মোৰ অজস্ৰ প্ৰেম আৰু ভালপোৱা।
✍নিৰ্বান নয়ন
0 comments:
Post a Comment