ads

Saturday, October 6, 2018

// // Leave a Comment

Poem/কবিতা - "ঘড়ীটো হঠাৎ ৰৈ গ’ল "

ঘড়ীটো হঠাৎ ৰৈ গ’ল ৷ 

ঘড়ীটো হঠাৎ ৰৈ গ’ল ৷
মোৰ উশাহবোৰ স্তব্ধ হৈ গ’ল
হাঁহিবোৰ জব্দ হৈ ৰ’ল তোমাৰ খুচনিৰ হাঁচতিত...
কিয় জানানে ?

যিবোৰ কথা কোৱা নহ’ল তোমাক,
সেইবোৰ অত’কাল বৰফ হৈ ঠোপখাই আছিল মোৰ বুকুৰ কোঠালিত ৷
যিবোৰ কথা ক’ম ক’ম বুলি
মনৰ অজুহাতত নোকোৱাকৈ ৰৈ গ’ল,
সেইবোৰেই আজি ওঁঠৰ লেলাৱতিত নিগৰি আছে কোঙা শৰীৰক উদ্ভৎ ভেঙুচালি কৰি ...

কথা আছিল,
আমি আবেলিৰ নিজানত ইজনে সিজনক জুমি চাম,
কথা আছিল,
"ঐ শুনাচোন, এটা কথা আছিল" বুলি তুমি
নিৰন্তৰ বহু কথা কৈ যাবা,
আৰু মই শুনি যাম শুনি যাম শুনি যাম
মাথোন শুনি যাম...

কিন্তু হঠাৎ এজাক আপদিয়া বতাহৰ হেন্দুলনিত মই উফৰি পৰিলো ৷
সেয়ে নপতাকৈয়ে ৰৈ গ’ল আমাৰ ভৱিষ্যতৰ কথা

এতিয়া কথাবোৰ সলনি হ’ল ৷
মোক যে এতিয়া ছয়ফুট মাটিৰ প্ৰয়োজন সেই কথা কৈ থলো আগতিয়াকৈ তোমাক
আৰু চিতাৰ বাবে সাতজাপ খৰিৰ যোগাৰ ...
বগা কাপোৰৰ প্ৰয়োজন হ’ব
কৈ যাম আজি অবিৰাম

আৰু তুমিও ভাবি ৰ’বা,
মোক হেৰুৱাই কান্দি কান্দি বাউলী হোৱাৰ কথা,
দুৰ্যোগৰ ঘড়ীয়ে দি যোৱা বুকুৰ বেদনা, বিৰম্বনা ইত্যাদি ইত্যাদি
আৰু মই শ্মশানৰ চিতাত জিৰণী লম


✍ আদিত্য গগৈ

0 comments:

Post a Comment