ads

Tuesday, October 2, 2018

// // Leave a Comment

Poem/কবিতা- "হেঁপাহৰ বৰষুণ "


" হেঁপাহৰ বৰষুণ "


চোৱা আজি নীলা আকাশখন কলা ডাৱৰে আৱৰা কেইটোপালমান নামি অহা সৰু সৰু ডাৱৰৰ কণাৰ মাজতে তুমি আৰু মই ...... শীতল বতাহছাটিয়ে আজি সঁচাকৈ মনটো উৰুৱাই লৈ যায় ডাৱৰৰ ফাঁকেৰে নিগৰি অহা সূৰ্য্যৰ পোহৰে যেন আমাকেই ৰিঙিয়ায় মনত পৰেনে তোমাৰ মন্দিৰৰ খটখটীত একেলগে উঠি যোৱা গাজনিৰ শব্দত নজনাকৈয়ে মোৰ হাতৰ আঙুলিৰ ফাঁকত তোমাৰ আঙুলি বুলাইযোৱা !! বাৰিষাৰ প্ৰথম জাক বৰষুণত যেন আমি একেলগে তিতিম: সাৰ পাই উঠিব যেন, মনত শুই থকা সপোন, হৃদয়ে কৰিব সচাঁকৈ গুণগুণ!!
ৰক্তিম শইকীয়া (Jorhat, cinnamara)

0 comments:

Post a Comment