ads

Monday, October 8, 2018

// // Leave a Comment

জামুগুৰিহাটৰ সংগীয়া মাজৰ চুক গাঁৱৰ ঐতিহাসিক "দেঁওপুখুৰী"

জামুগুৰিহাটৰ সংগীয়া মাজৰ চুক গাঁৱৰ ঐতিহাসিক "দেঁওপুখুৰী"

নানান লৌকিক কাহিনীৰে ভৰপুৰ প্ৰায় ১৪ বিঘা মাটি জুৰি থকা মোৰ আপোন গাঁও সংগীয়া মাজৰ চুক গাঁৱৰ ঐতিহাসিক "দেঁওপুখুৰী"৷


প্ৰায় ২শ বছৰ পূৰ্বে গাঁৱৰ ৰাইজে উৎসৱ আদিত ব্যৱহাৰ কৰিবলৈ পুখুৰীটোৰ পাৰত উৎসৱৰ আগদিনা ভক্তিসহকাৰে সেৱা জনালে অদৃশ্য শক্তিৰ অধিকাৰী পুখুৰীটোৰপৰা পিছৰদিনা কাঁহৰ কাঁহি-বাঁতি-টৌ আদিকৰি বাচন বৰ্তন ওলাই আহিছিল আৰু অনুষ্ঠান শেষ হোৱাৰ পিছত মাহ হালধিৰে সেই বাচন বৰ্তনসমুহ ধুই চমজি দিলে "দেঁওপুখুৰী"য়ে গ্ৰহণ কৰি পুণৰ পুখুৰীৰ পানীৰ তললৈ লৈ গৈছিল৷কিন্তু অলৌকতাৰে ভৰা এই বাচন বৰ্তনৰ মাজৰপৰাই এজন লোকে এটি বাঁতি সলনি কৰি আত্নসাৎ কৰে আৰু তেতিয়াৰ পৰাই অসন্তুষ্ট হৈ পৰা অদৃশ্য শক্তিয়ে ব্যৱহাৰ কৰিবলৈ নিদিয়া হ’ল এই বাচন বৰ্তনসমুহ৷পৰৱৰ্তী সময়ত বাঁতি আত্নসাৎ কৰা লোকজনৰ অমঙ্গল আৰম্ভ হ’বলৈ ধৰে৷এই অমঙ্গল লোকজনৰ বংশ পৰিয়াল পৰ্য্যন্ত দেখা দিয়াত বুঢ়া ডাঙৰীয়াক কাকুতি মিনতি কৰি স্তুতি কৰাতহে সপোনত দেখা দি পৰিত্ৰানৰ উপায় দিয়াত লোকজনে এই বাঁতিভাগ কোঁছগাঁৱৰ শুক্লেশ্বৰ দেৱালয়ৰ এজন পুৰুহিতক দান কৰে৷কেৱল মাঙ্গলিক অনুষ্ঠানত ব্যৱহাৰ কৰা এই বাঁতিভাগ পৰৱৰ্তী সময়ত পৰ্য্যায়ক্ৰমে উপৰিপুৰুষৰপৰা টুপীয়া নিৱাসী এজন সৎ ব্যক্তিৰ হাতত পৰে৷কিন্তু শেহতীয়াকৈ অদৃশ্য শক্তিয়ে সপোনত এই বাঁতিভাগ গাঁৱৰ ৰাইজক চমজি দিবলৈ নিৰ্দেশ দিয়াত তথা আপুৰুগীয়া বাঁতিভাগ বৰ্তমান ৰখা স্থানত বাস্তৱত দেখা দিয়া নানানধৰণৰ  অলৌকিক ঘটনাৰাজীৰ বাবেই বাঁতিভাগ পুণৰ গাঁৱৰ ৰাইজক ঘুৰাই দিয়াৰ মানস কৰিছে পৰিয়ালটিয়ে৷অহা ১৩ অক্টোবৰ শণিবাৰৰ দিনটোত এই আপুৰুগীয়া সম্পদটি সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে সংগীয়া মাজৰ চুক গাঁৱলৈ অনাৰ সিদ্ধান্ত কৰা হৈছে৷ঐতিহাসিক "দেঁওপুখুৰী"ৰ শ শ বছৰীয়া আপুৰুগীয়া সম্পদটি ঘুৰাই অনাৰ দিনটোত সকলোকে ভক্তিসহকাৰে আমন্ত্ৰণ জনালো৷


      লিখা - হিৰণ্য বৰা
                   স্থানীয় সাংবাদিক
                     জামুগুৰিহাট

0 comments:

Post a Comment