অপসাৰিত হল আৰক্ষী বিষয়া
গুৱাহাটীৰ পশ্চিম আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত ভৱৰলাল মীনাক নিলম্বিত । কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে যোৱা দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক সঠিকভাৱে নিৰাপত্তা প্ৰদানত ব্যৰ্থ হোৱাৰ বাবে নিলম্বন কৰিলে আৰক্ষী আয়ুক্ত মীনাক । ১৭ অক্টোবৰত কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে গৈছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ । এই তথ্য দিয়া হৈছিল যদিও ৰঞ্জন গগৈক নিৰাপত্তা প্ৰদানত ব্যৰ্থ হয় আৰক্ষী। কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰিবলৈ প্ৰৱেশ পথতে ভিৰৰ মাজত আবদ্ধ হৈ পৰিছিল দেশৰ মুখ্য ন্যায়াধীশগৰাকী। সেয়ে নিলম্বিত হ’ল উপআৰক্ষী আয়ুক্ত ভৱৰলাল মীনা।
0 comments:
Post a Comment