ads

Thursday, October 18, 2018

// // Leave a Comment

আজিৰ দিনটোৰ বিশেষ

১৮ অক্টোবৰ--

(বাতৰি লিখন- বিনিতা মিশ্ৰ)

আজি ইতিহাস প্ৰসিদ্ধ ফুলগুৰি ধেৱাই ১৫৭ বৰ্ষ অতিক্ৰম কৰিলে।
১৮৬১-১৮অক্টোবৰ


অ’ আইটী/ অ’ আইটী
তিনিজোপা আহতৰ তলতে,
অ’ আইটী ধেৱাখন লাগিলে......।
ৰূপচিং- চিৰচিং- বাহু- বনমালী...

ফুলগুৰি ধেৱা অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ।
বিদেশী ইংৰাজ চৰকাৰৰ শোষণ- শাসন, নিস্পেষণৰ বিৰুদ্ধে ১৮৬১ চনত (১৮ অক্টোবৰ) এক জংগী কৃষক বিদ্ৰোহ হৈছিল নগাঁও জিলাৰ কলং নৈৰ পাৰৰ ফুলগুৰিত। সেই বিদ্ৰোহ ফুলগুৰি ধেৱা নামেৰে খ্যাত। ইংৰাজ আৰু চিপাহীবোৰে তেতিয়া বিদ্ৰোহক ধাৱা বুলি অভিহিত কৰিছিল আৰু সেই ধাৱা অপভ্ৰংশ ৰূপত প্ৰচলিত হ’ল ধেৱা ৰূপে। উপযুক্ত নেতৃত্ব অবিহনেই জিলাখনৰ বিভিন্ন অঞ্চলৰপৰা কৃষকসকল স্বতঃস্ফুৰ্তভাৱে আহি সংঘটিত কৰা এই বিদ্ৰোহে অসমত কৃষক বিদ্ৰোহ, আন্দোলনৰ পাতনি মেলিছিল।

নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত তথা ৰহাৰ পৰা ৮ কি.মি পূৱে অৱস্থিত ফুলগুৰি বৰআঁহত তলতে ১৮৬১ চনৰ ১৮ অক্টোবৰ তাৰিখে সংগঠিত হৈছিল ফুলগুৰি ধেৱাৰ মূল ৰণ।

ফুলগুৰিৰ বৰ আঁহতৰ তলত ফুলগুৰিকে ধৰি কটহগুৰি, বাৰপূজীয়া, কাছমাৰী, হাতীচোং, ডিমৌ, দেওবালি, হাজাগিয়াল, ৰিয়ামুখ, মায়ং, গোভা, মোলানকাটা, ৰামহাং, আটি, চহৰী, ম’ৰাগাঁও, ৰহা, কপিলী, টোপাকুছি, কুমৈ, উত্তৰখোলা, জুপহিতলি, বমৰা আদি অঞ্চলৰ পৰা হাজাৰ হাজাৰ কৃষক ৰাইজ আহি সমবেত হৈ ইংৰাজৰ অন্যায় নীতিৰ বিৰুদ্ধে ৰাইজমেল অনুষ্ঠিত কৰে৷ ইফালে, কৃষক ৰাইজৰ এনে বিদ্ৰোহৰ বিষয়ে বুজ ল’বলৈ অহা ইংৰাজ বিষয়া চিংগাৰক তেওঁৰ পাশবিক অত্যাচাৰত অতিষ্ঠ হৈ পৰা ক্ষোভিত ৰাইজে কোবাই কোবাই সেইদিনাই হত্যা কৰে আৰু মৃতদেহটো কলং সুতিত উটুৱাই দিয়ে৷

পিছত এই খবৰ ইংৰাজ কৰ্তৃপক্ষই জানিব পাৰি অনতি পলমে দলে-বলে আহি উক্ত স্থানত উপস্থিত হয় আৰু ৰাইজে পুনৰ পিছদিনা একে স্থানতে সমবেত হৈ প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ সময়তে সশস্ত্ৰ ইংৰাজ বাহিনীয়ে ৰাইজৰ ওপৰত অতৰ্কীতে কোনো কথাৰ অৱতাৰণা নকৰি নিৰ্বিচাৰে গুলীচালনা কৰে৷ বৰ্বৰভাবে চলোৱা এই গুলীচালনাত ৩৯ জন নিৰীহ কৃষকে ঘটনাস্থলীতে কৰুণ মৃত্যুক আকোঁৱালি লয়৷

তদুপৰি ব্ৰিটিছ বাহিনীয়ে ৬৬ জন লোকক আটক কৰি ইয়াৰে ৩২ জনক কলিয়াপানীলৈ প্ৰেৰণ কৰে৷ আনকি ইয়াৰ পিছতো ইংৰাজে ফুলগুৰি অঞ্চলৰ আন ১৫ জন লোকক নৃশংসভাবে হত্যা কৰিছিল৷ এয়াই আছিল গা শিহৰিত কৰি তোলা 'ফুলগুৰি ধেৱা'ৰ অতি নিদাৰুণ তথা জীৱন্ত কাহিনী৷

১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত সংঘটিত হোৱা 'ফুলগুৰি ধেৱা'ই প্ৰথম কৃষক বিদ্ৰোহ বুলি অভিহিত কৰিব পাৰি৷ কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে- সুদীৰ্ঘ ১৫৭ টা বৰ্ষ পাৰ হৈ যোৱাৰ পিছতো 'ফুলগুৰি ধেৱা'ই ভাৰতৰ ইতিহাসত উপযুক্ত স্থান অধিকাৰ কৰিবলৈ সক্ষম নহ’ল।
আৰু এই বিদ্ৰোহৰ শ্বহীদ সকলেও উচিত মৰ্য্যদা লাভৰ পৰা বঞ্চিত হৈ থাকিব লগীয়া হ'ল।

0 comments:

Post a Comment