ads

Monday, October 15, 2018

// // 1 comment

পত্নী কি? পত্নীৰ প্ৰকাৰ সমুহ উল্লেখ কৰা।

(ধেমালি কৰো আহক)

পত্নী কি? পত্নীৰ প্ৰকাৰ সমুহ উল্লেখ কৰা।


*পত্নী হৈছে পুৰুষ নিৰ্যাতনৰ এক আধুনিক মাধ্যম। পত্নী নামৰ প্রাণী ভাৰত সহ সম্পূর্ণ বিশ্বত বহুতো পোৱা যায়।

...প্রাচীনকালত এওলোকক ৰন্ধনশালা/ভোজনালয় আদি ঠাইত পোৱা গৈছিল, কিন্তু বর্তমান সময়ত এওলোকক শ্বপিং মল, মাল্টিপ্লেক্স আৰু ৰেষ্টৰেন্টত় অধিক দেখা যায়।

আগতে এই প্রজাতিৰ চুলি দীঘল আছিল আৰু আকৃতি সুন্দৰ আছিল কিন্তু সম্প্রতি চুটি চুটি চুলি, কৃত্রিম শ্বেতবর্ণ মুখ, তেজৰ নিচিনা লাল ওঠ সমন্বিত দেখা যায়।

এওঁলোকৰ মুখ্য আহাৰ পতি নামক মূখ্য প্রাণীৰ কষ্টৰ ধন আৰু মস্তিষ্ক। ভাৰতবর্ষত এওঁলোকৰ
*ধর্মপত্নী
*ভাগ্যবতী
 *গৃহলক্ষ্মী ইত্যাদি নামে জনা যায়।

অধিক কথা কোৱা বিনাকাৰনত কাজিয়া কৰা, অধিক ব্যয় কৰা এই প্রজাতিৰ প্রধান লক্ষণ। কার্যতঃ এই প্রজাতিৰ ওপৰত সম্পূর্ণভাবে অধ্যয়ণ কৰা সম্ভৱ নহয়। কিন্তু সাধাৰনতে পত্নী নিম্নপ্রকাৰৰ হয় :-

১) সহনশীল পত্নী:- এই প্রজাতি সাম্প্রতিক সময়ত  বিলু্প্তি হৈ গৈছে। এই প্রজাতিৰ প্রাণী  সহনশীল হয় আৰু প‌্ৰতিটো ঘৰত সহজলভ্য আছিল।

২) আক্রমণকাৰী পত্নী :- এই প্রজাতিটো ভাৰত সহ গোটেই বিশ্বজুৰি অধিক মাত্রাত পোৱা যায়। এওলোক আক্রমনাত্মক শৈলী ও প্রবল প্রহাৰৰ বাবে অধিক পৰিচিত। এওলোক  সময়উপযোগী অস্ত্র যেনে ৰুটি বনোৱা বেলন  ঝাৰু চেণ্ডেল আদিৰ প্রয়োগ অনায়াসে কৰি থাকে।

৩) কাজিয়াপত্নী :- এই প্রজাতিও বর্তমানে প্রায় সর্বত্রই পোৱা যায়। এওঁলোকৰ চিঞৰি কথা কোৱা ও কথায় কথায় কাজিয়া কৰা খুবেই পছন্দনীয়। এওঁলোকক বেছিভাগ সময় শাহুমাক নামৰ আৰু এক ভয়ঙ্কৰ প্রাণীৰ সন্মুখীন হব লাগে

৪) ব্যয়কাৰীপত্নী :- ভাৰতৰ নিচিনা দুখীয়া দেশতো এই প্রজাতি সংখ্যা অনবৰত বাঢ়ি গৈ আছে। এওলোকৰ মুখ্য আচৰনৰ মাজত উল্লেখযোগ্য হৈছে ক্রেডিট কার্ড ৰখা, চিন্তা নকৰাকৈ খৰচ কৰা আৰু বিনা প্রয়োজনে বস্তু কিনা। এই প্রজাতিৰ লগত পতি নামক প্রাণীক চেণ্ডেল পিন্ধী ক্লান্ত হৈ পিছে পিছে ঘুৰা দেখা যায়।

৫) লেবেলী পত্নী:- এই প্রজাতি প্রাণীৰ বেছিভাগ সময় আয়নাৰ সন্মুখত পোৱা যায়। এওঁলোকৰ ওঠ তেজৰ দৰে লাল, দীঘল দীঘল নখ, বিভিন্ন ধৰণৰ চুল, মুখ বগা পাউডাৰেৰে লিপ্ত হৈ থাকে। এওলোকৰ ৰন্ধনশালত প্রবেশ কৰা ও গৃহস্থালিৰ টুকটাক কাম কৰা একেবাৰেই পছন্দ নহয়। কথায় কথায় "কি য়ে" --- "হ য়ে" কৰা এওঁলোকৰ অভ্যাস আছে বুলি এওলোকৰ আৰু এটা নাম *লেবেলী ও বুলি জনা যায়। বিউটি পার্লাৰ এওলোকৰ  তীর্থস্থান।

সাৱধানতা :- পতি নামক প্রাণীৰ কাৰণে এই প্রজাতিৰ প্রাণী অত্যন্ত ভয়ঙ্কৰ আৰু আক্রমনাত্মক হয়। এওঁলোকক সময়ে সময়ে শাৰী, ফুল ও গহনা ইত্যাদি দি সাময়িকভাবে নিয়ন্ত্রণত ৰখা যাব পাৰে। কিন্তু মনে ৰখা উচিৎ যে সেইটো সাময়িক।]

*পত্নীৰ আৰু কিছু প্রকাৰ তলত দিয়া ধৰণৰ


১) এলেহুৱা পত্নী* :- নিজেই চাহ বনাই খাওক আৰু এক কাপ মোকোও দিব।

২) দমৱালী পত্নী* :- ভালকৈ শুনি লোৱা..., এই ঘৰত হয় তোমাৰ মা থাকিব হয় মই।

৩) ভবিষ্যতবক্তা পত্নী :- আগন্তক সাত জন্মতো মোৰ নিচিনা পত্নী নাপাবা..., এই কৈ থলো..

৪) ইতিহাসপ্রেমী পত্নী :- তোমাৰ খানদান কেনে সব জানো..

৫) ভ্রান্তবুদ্ধি পত্নী :- তুমি কি 'মানুহ.! নে কি.?

৬) সন্দেহভৰালী পত্নী :-মোৰ কোন সতীনীৰ  লগত ইমান সময় ধৰি ফোনত কথা পাতি আছিলা?

৭) ধার্মিক পত্নী :-ভগৱানক ধন্যবাদ দিয়া যে মোৰ দৰে পত্নী পাইছা....!!

হে ভগৱান !
   
     #সংগ্ৰহ

1 comment:

  1. Great post !! we to posted similar post like this have look.we have shared the benifit of Diabliss food for diabetic patient and diabetic diet food list Visit diabliss website to know good food for diabetics

    ReplyDelete