ads

Saturday, October 13, 2018

// // Leave a Comment

সাম্প্ৰতিক প্ৰেক্ষাপটত শংকৰদেৱৰ আদৰ্শৰ প্ৰাসংগিকতা

সাম্প্ৰতিক প্ৰেক্ষাপটত শংকৰদেৱৰ আদৰ্শৰ প্ৰাসংগিকতা

"জয়গুৰু শংকৰ       সৰ্ব্ব গুণাকৰ
         যাকেৰি নাহিকে উপাম
তোহাৰি চৰণকু ৰেণু শতকোটি
    বাৰেক কৰোহোঁ প্ৰণাম।।"
অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ তথা অসমীয়া জাতীয় জীৱনৰ ঘাই শিপাস্বৰূপ যুগনায়ক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আজিৰ পৰা প্ৰায় ৫৬৪ বছৰৰ পূৰ্বে দুস্কৃতি বিনাশ কৰি সত্য সংস্কৃতি প্ৰতিষ্ঠা কৰি জণগণক আন্ধাৰৰ গহ্বৰৰ পৰা উদ্ধাৰ কৰাৰ মানসৰে অসমী আইৰ বুকুত অৱতাৰ ধাৰণ কৰিছিল।
যিটো সময়ত অসমীয়া জাতীয় জীৱনলৈ এক ভয়ংকৰ দুৰ্যোগ নামি আহিছিল। ধৰ্ম, ভাষা, কৃষ্টি সংহতি আদি মূল্যবোধৰ চুড়ান্ত অৱসানৰ সূচনা হৈছিল। ঠিক তেনে এক সন্ধিক্ষণত মহাপুৰুষ গুৰুজনাই পথভ্ৰষ্ট সমাজখনক জোনাকী পথৰ সন্ধান দিছিল।

 গীতাৰ শ্ৰীকৃষ্ণই সেয়েহে অৰ্জুনক কৈছিল।
    "যদা যদা হি ধৰ্মস্য গ্লানিভৱতি ভাৰত।
   অভ্যুথানম্ অধৰ্মস্য তদাত্মানং সৃজাম্যহম।
  ধৰ্মসংস্হাপনাৰ্থায় সম্ভবামি যুগে যুগে।।"
সাম্প্ৰতিক সময় অন্ধকাৰময়। চৌদিশে হত্যা, হিংসা, সন্তাসবাদ, লুন্ঠন, সাম্প্ৰদায়িক সংঘৰ্ষ সমগ্ৰ বিশ্ব যুৱ সমাজক প্ৰকৃত পথৰ পৰা পথভ্ৰষ্ট কৰিছে। সাম্প্ৰতিক সময় অন্ধকাৰময়। সাম্প্ৰতিক সময়ত বিজ্ঞানৰ ন - ন আৱিষ্কাৰে এফালে যেনেকৈ মানৱ সভ্যতাক উন্নতিৰ চৰম শিখৰত উপনিত কৰাইছে, ঠিক একেদৰেই এই একবিংশ শতিকাৰ দুৱাৰ দলিত ভৰি দিয়া মানৱ সমাজ ব্যক্তিগত জীৱনৰ ভোগ বিলাসত মত্ত হৈ পৰিছে। বৰ্তমান যুৱক যুৱতী সকলে উচ্চ শিক্ষাৰে শিক্ষিত হৈ জীৱন সুখৰ কৰি তুলিবলৈ যত্ন কৰিছে। কিন্তু বাস্তৱ জীৱনত আমি দেখিবলৈ পাইছো নৈতিক আৰু আধ্যাত্মিক জ্ঞানৰ অভাৱত সমাজখন অশান্তিৰে পূৰ্ণ হৈ ধ্বংসৰ মুখলৈ আগবাঢ়িছে। কৰ্মবিমুখ যুৱক সকল হতাশ হৈ উশৃংখল আৰু অশান্ত হৈ পৰিছে। বৰ্তমান সমাজত নিৰাপত্তা নাই। ধৰ্মৰ ক্ষেত্ৰত ঠেক মনোবৃত্তি বৃদ্ধি পাইছে যাৰ ফলত আজি কু-সংস্কাৰ, অন্ধ বিশ্বাস, হিংসা বিদ্বেষ, বৃদ্ধি হৈ এখন মানৱতাহীন সমাজ সৃষ্টি হৈ পৰিছে।

অৱনতিৰ চৰম অৱস্থালৈ আগুৱাই যোৱা আজিৰ অশান্ত সমাজখনক পুনৰ শান্তিৰ পথলৈ ঘুৰাই অনাৰ গধুৰ দায়িত্ব আহি পৰিছে। দেশৰ ভৱিষ্যত খনিকৰ যুৱ শক্তিৰ ওপৰত। ইয়াৰ বাবে যুৱশক্তিৰ প্ৰয়োজন হৈছে এজন পদৰ্শকৰ তেওঁৱেই হ'ল অৱতাৰী পুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। গুৰুজনাৰ ধৰ্মীয় আৰ্দশক অস্ত্ৰ হিচাপে লৈ আমি এক বিপ্লৱৰ সূচনা কৰিলেহে পতনমুখী মানৱ সমাজক পুনৰ উদ্ধাৰ কৰাটো সম্ভৱ হ' ব।

সাম্প্ৰতিক সময়ত শংকৰদেৱৰ আদৰ্শৰ প্ৰাসংগিকতাৰ বিষয়ে কবলৈ যাওঁতে আমি একশৰণ হৰিনাম ধৰ্ম বিষয়ে কিছু আলোচনা কৰাৰ প্ৰয়োজন আছে। একশৰণ হৰিনাম ধৰ্মৰ নীতিৰ মূল বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ আৰু যুক্তিবাদৰ ওপৰত প্ৰতিষ্ঠিত। চাৰিযুগৰ ধৰ্ম নিৰ্ণয় কৰি কলিযুগত কেৱল নামকীৰ্তনৰ বাহিৰে দ্বিতীয় কোনো ব্যৱস্থা যে নাই তাক গুৰুজনাই এনেদৰে কৈছে -
      " সত্য যুগে ধ্যান ক্ৰেতা যুগে যজ্ঞ
   দ্বাপৰ যুগত পূজা।।
কলিত হৰিৰ কীৰ্ত্তন বিনাই
আৱৰ নাহিকে তুজা।"

একশৰণ হৰিনাম ধৰ্মৰ মূল মন্ত্ৰ হ'ল
"একদেৱ একসেৱ এক বিনে নাই কেৱ।"

অন্য পূজা সেৱা নিষিদ্ধ কৰি গুৰুজনাই কীৰ্ত্তন ঘোষাত কৈছে
  "অন্য দেৱী দেৱ নকৰিবা সেৱ।
গৃহে নপশিবা তাৰ।
মূৰ্ত্তিকো নাচাইবা প্ৰসাদো নাখাইবা
ভক্তি হৈব ব্যভিচাৰ। "

দুখৰ বিষয় যে প্ৰতিখন গাওঁ তথা চহৰত নামঘৰ, ঘৰে ঘৰে কীৰ্ত্তন, দশম, ৰত্নাৱলী, ঘোষা আদি থকা সত্বেও যুৱ আৰু শিশু সকলে এই শাস্ত্ৰ সমূহ অধ্যয়ন নকৰি নামধৰ্মৰ বিশ্বশান্তি, বিশ্বভ্ৰাতৃত্ব আৰু মানৱতা বাদৰ মহামন্ত্ৰ নিহিত হৈ থকা ঘোষা কেইফাকি লক্ষ্য কৰোচোন
" কুকুৰ শৃগাল গৰ্দ্ধভৰো আত্মাৰাম
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম"

ইয়াতেই আত্মশান্তি, বিশ্বশান্তি আৰু মানৱতাবাদৰ মহান আদৰ্শ বিচাৰি পোৱা যায়।
বৰ্তমান যুৱ সমাজৰ এটা ভয়ংকৰ সমস্যাই অসমত বিৰাজ কৰিছে। আমাৰ অস্তিত্ব ৰক্ষাৰ বাবে আৰু ৰাষ্ট্ৰীয় শোষণৰ পৰা অসমক উদ্ধাৰ কৰিবলৈ কৰ্মবিমুখ কিছুমান যুৱকে হাতত অস্ত্ৰতুলি ল'ব লগা হৈছে। কিন্তু এই বিপ্লৱে সমাজত বিভীষিকা সৃষ্টি কৰাৰ বাহিৰে অস্তিত্ব ৰক্ষা কৰিব পাৰিব বুলি সন্দেহ উপজে।

আমাৰ বিশ্বাস, ছিন্নভিন্ন হৈ যোৱা অসমৰ জাতীয় অস্তিত্ব ৰক্ষা কৰিবলৈ হ'লে যুৱশক্তিক প্ৰয়োজন হৈছে জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জাতীয় ঐক্যৰ মহান আদৰ্শ। ড০ ভূপেন হাজৰিকাৰ সুৰত সুৰ মিলাই গাবলৈ হ'লে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্ত্বনা লভিলে নহ'ব। আজিৰ অসমীয়াই গুৰু শংকৰক নিচিনিলে অসম ৰসাতলে যাব।

অতি সুখৰ বিষয় যে গণতান্ত্ৰিক ভিত্তিত প্ৰতিষ্ঠিত হোৱা বৃহৎ অনুষ্ঠান সমূহো মহাপুৰুষ জনাৰ ধৰ্ম, সাহিত্য, সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে মহান দায়িত্ব বহন কৰি বিভিন্ন কাৰ্য্যাৱলী গ্ৰহণ কৰিছে। প্ৰতেক বছৰে প্ৰতি অঞ্চল, জিলা তথা কেন্দ্ৰীয় ভাবে, শিশু, যুৱক আইমাতৃ সমাৰোহ অনুষ্ঠিত কৰি গুৰুজনাৰ সাহিত্য সংস্কৃতিৰ চৰ্চা আৰু প্ৰচাৰ কৰিছে। অকল অসমতেই নহয় ভাৰতবৰ্ষৰ বিভিন্ন তথা বিশ্বৰ বিভিন্ন ঠাইত সংঘই শংকৰদেৱৰ আদৰ্শ কামত ব্ৰতী হৈছে। শেহতীয়াকৈ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই শিক্ষিত সকলৰ বাবে স্বঃনিয়োজনৰ শংকৰদেৱ বিশ্ববিদ্যালয় স্থাপনৰ কাম হাতত লৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। এয়া নিশ্চয় যুৱ সমাজ তথা সদৌ অসমবাসীৰ বাবে সু-সংবাদ।
মহাপুৰুষ, যুগনায়ক অসমীয়া জাতীয় জীৱনৰ পুৰোধা ব্যক্তি শংকৰদেৱৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি।

এই মুহূৰ্তত মোৰ বনফুলৰ কবি যতীন্দ্ৰ নাথ দুৱৰা দেৱৰ এই কবিতাফাকিলৈ মনত পৰিছে।
"বোৱালা ধৰ্মৰ সোঁত দিলা ধৰ্ম দিলা জ্ঞান
দিলা ভাষা অসমক কৰিলা জীৱনদান
তোমাৰ জীৱনীদেৱ লিখে এনে সাধ্য কাৰ
গোটেই অসম জুৰি বিস্তৃত জীৱনী যাৰ ।"
অসম মাতৃক আন্ধাৰৰ গহ্বৰৰ পৰা উদ্ধাৰ কৰি জাতি, ধৰ্ম, ভাষা, নিৰ্বিশেষে, সকলোকে একতাৰ এনাজৰীৰে বান্ধি থৈ এক বিৰাট অসমীয়া জাতি গঠন কৰি থৈ যোৱা মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মহান আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নতুন প্ৰজন্ম আগবাঢ়ি আহিলেহে সমাজৰ প্ৰগতি সম্ভৱ ।

"নোহো জানো আমি চাৰি জাতি
চাৰিও আশ্ৰমি নোহো আতি
নোহো ধৰ্মশীল দানৱতীৰ্থ গামী
কিন্তু পূৰ্ণানন্দ সমূহৰ গোপীভৰ্ত্তা পদ শ্যামলৰ
দাসৰো দাস তান দাস ভৈলো ।।"

লিখা - দিলোৱাৰ হুচেইন

0 comments:

Post a Comment