Poem/কবিতা - "চকীদাৰ"
চকীদাৰ
আই অ.....
আজি বৰ ভাগৰ লাগিছে অ
কিমান নো আৰু আনৰ চকীদাৰী কৰিম, নিজেই কিবা এটা কৰিবলৈ মাটি অকণ নাই..
তোৰ পৰা নো কিমান খুজিম অ
নিজকে কোষ্ট লগা ভিক্ষাৰী যেন
লাগি যায়...
কি কৰিম উপায় যে নাই ।
যেতিয়া চকীদাৰী কৰিবলৈ যাওঁ
তেতিয়াই দেউতাৰ চকুযুৰি বৰকৈ মনত পৰে অ আই...
আজি ৩ বছৰ হল
দেউতা ঢুকোৱা
তথাপিও তই মোক একোহতে কম হবলৈ নিদিলি...
ডাঙৰ ছাৰ হতৰ দৰে মোৰো মন
ওখ অট্টালিকা ত থকা...
তোক লৈ ৰজাৰ জীৱন কটোৱা
চেহ....
সপোন কিছুমান যে দেখো
আমি সৰু মানুহ
আমাৰ বাবে কলেজৰ চাৰ্টিফিকেট দৰকাৰ নহয় চাকৰিৰ বাবে...
লাগে মাথোঁ কিছু টকা
ছাৰ ক মোৰ ভাল লাগে
কিন্তু কেতিয়াবা
বৰ বেয়াকৈ কৈ অ মা...
তেতিয়াই মন যায়
ছাৰৰ কলাৰত ধৰি থেকুছি দিবলৈ...
আকৌ পিছুৱাই আহি
নিজৰ স্থিতিত থমকি ৰও...
কাৰণ...
মই চকীদাৰী কৰোঁ ।
কেতিয়াবা মন যায়
চকীদাৰী এৰি দিও
কিন্তু...
আমি চলিম কেনেকৈ
বহু চিন্তা আহে মনলৈ ।
তোৰ মুখ খন চাই
আকৌ শান্ত হৈ
চকীদাৰী পদপিলৈ আগুৱাই যাওঁ...!!
✍🏻 বিনোদ {Jagiroad (Morigaon)}
0 comments:
Post a Comment