ads

Wednesday, September 26, 2018

// // Leave a Comment

Story/কাহিনী- জীৱন এটা অধ্যায়..❤

  • জীৱন এটা অধ্যায়..❤



(দুই ভাতৃৰ জীৱন সংগ্ৰাম)

কন:- দাদা অ এই যে মানুহবোৰে আমাৰ লৈ ইতিকিং কৰে কিয় ?
ধন:- বাদ দে সেইবোৰ কথা বেলেগে কোৱা কথা কবই তই মন নিদিবি এইবোৰ।এদিন তই সিহঁতক হাঁহিবি
সৰুতে পিতৃহাৰা হোৱা কন আৰু ধন দুয়োটাই সৰুৰে পৰাই বহুত কষ্টত ডাঙৰ হৈছে । নিজেই নাখাই হলেও দুবেলা দুমুঠি যোগাৰ কৰিছে কোনোদিনে মাকে সিহঁতক পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই ।
এদিন আবেলিৰ কথা বহু সময়লৈকে দুয়োটাই ঘৰলৈ অহা নাই । মাক চিন্তাত পৰিল । বহু সময় পলম কৈ পাছত সিহঁত আহিল । মাকে ইমান দেৰি কত আছিল বুলি সুধিলত ধনে ক'লে-
মা তই যে আমাৰ বাবে ইমান কষ্ট কৰ তোৰ এনে কষ্ট দেখিলে আমাৰ বেয়া লাগে অ। আজিৰ পৰা আমি কাম কৰিম স্কুলৰ পৰা আহি ।
মাকে আচৰিত হৈ সুধিলে তহঁতে নো কি কাম কৰি খুৱাবি অ। এতিয়া পঢ়াৰ বয়স পঢ় বুজিছ।
কিন্তু মাকৰ কথা নুশুনি সপ্তাহত চাৰি পাঁচ দিন স্কুলৰ পৰা আহি চহৰলৈ যায়। তেনেদৰেই দুপইচা উপাৰ্জন কৰে । দেওবাৰৰ দিনটোত গাৱঁৰ পোনাহঁতৰ লগত মাছ মাৰি চহৰত বিক্ৰী কৰে । আগতকৈ অলপ হলেও সিহঁত টনকিয়াল হৈছে ।
কিন্তু বিধিৰ বিধান কোনেনো সলাব এদিন মাকো সিহঁতক এৰি থৈ বিদাই ললে। সিহঁত দুটা অকলশৰীয়া হৈ পৰিল ।
ইটো সিটো বেপাৰ কৰি কৰি আজি সিহঁত দুটাই ডাঙৰ হ'ল। পিতৃ মাতৃ হাৰা হোৱাৰ পিছতো কষ্টৰ ফলত দুয়োটাই নিজৰ উপাৰ্জন পইচাৰে উচ্চ শিক্ষা লাভ কৰিলে ।
আজি সেই ভিতৰুৱা গাঁৱৰ পিতৃ মাতৃ হাৰা ডাঙৰ ল'ৰা "ধন" সিদ্ধাৰ্থ সৌৰভ হাজৰিকা বাংগালুৰুৰ বহিৰাগত কোম্পানী এটাৰ CEO.
আনহাতে সৰু ল'ৰা "কন" কংকন সৌৰভ হাজৰিকা অসম চৰকাৰৰ এজন চৰকাৰী বিষয়া ।
সেই স্কুলীয়া দিনত যেন সিহঁতে কাম কৰিছিল সেই কাম আছিল বিবাহ ভৱনৰ খোৱা পিছত টেবুল চাফাই কাম। মাকে কোনো দিনে সুধা নাছিল যদি গম পালে হেতেন মাকে অন্তৰত বহুত দুখ পালে হয়। কাৰণ পিতৃহাৰাহোৱা পিছত সিহঁত ইমান তললৈ গৈছিল মাথো মাকৰ সুখৰ বাবে ।
কোনোৱে সচাঁই কৈছিল যে মন্দিৰ চাই পূজা অৰ্চনা নকৰিবা ভগৱান সকলোতে আছে ।
দুখীয়া চাই মৰম নকৰিবা অন্তৰ সকলোৰে আছে।
(সততা, নিষ্ঠা , কষ্টৰ ফলত সকলো সম্ভৱ।

           লিখা- বিচিত্র কুমাৰ ভূঞা (বিশ্বনাথ চাৰিআলি)

0 comments:

Post a Comment