সুখৰ স্নেপশ্বট -❤

স্নেপশ্বট 1:
বিশ্বনাথ চাৰিআলিৰ আস্থান।কলেজৰ পৰা ঘৰ অভিমুখী যাত্ৰা। গাড়ীত যাত্ৰী সম্পূৰ্ণ হোৱা নাই। গাড়ীখনৰ কাষত কেইগৰাকীমান ভদ্ৰ লোক। দামী সাজপোছাক। অভিজাত শ্ৰেণীৰ। কাষৰ দোকান এখনৰ পৰা চিগাৰেট এটা কিনিছে।স্নেপশ্বট 2:
এটা দৰিদ্ৰ পৰিয়ালৰ সৰু ল'ৰা, ৰ'দ ত ঘূৰি ঘূৰি লেবেজান হৈ পৰিছে। মুখত ফুটি উঠিছে ভোকৰ যাতনা। হাত খন মেলি মেলি মানুহবোৰৰ পৰা সহায় বিচাৰিছে, নাই কাৰো ভ্ৰূক্ষেপ নাই। এখন হাতে পেটত খামুচি ধৰিছে।স্নেপশ্বট 3:
ভদ্ৰলোক সকলৰ কাষত। হাতখন আগবঢ়াই দিছে, নাই শূন্য, আন গৰাকীৰ কাষলৈ গ'ল- হেই এইছব পোৱালি!! শান্তি নাই এইমখাৰ পৰা। আঁতৰি গুছি গ'ল। ল'ৰাটোৰ ভোক ক্ৰমাত বাঢ়ি গৈছে।স্নেপশ্বট 4:
গাড়ীৰ দৰ্জা খনৰ কাষতে বহিছো। ল'ৰাজন মোৰ ফালে আগবাঢ়ি আহিল। মোৰ মুখলৈ চাই হাতখন আগবঢ়াই দিলে। মইয়ো চাই ৰ'লো, চকুকেইটাত আশাৰ চিন। বেগত হাত ভৰাই চালো, গাড়ী ৰ ভাড়াৰ বাবদ ২০ টকা আৰু ভোক লাগিলে কিবা খাবলৈ ১০ টকা এটা আছে, ভোক লাগিছিল যদিও নাখালো। ১০ টকাটো তাৰ হাতখনত গুজি দিলো। তালৈ চাই মিচিকিয়াই ক'লো, যোৱা কিবা এটা খাই লোৱা।স্নেপশ্বট 5 :
স্কৃজ্ঞতাৰে ভৰা চকুকেইটাত দুটোপাল অশ্ৰু নিগৰিছে। মোলৈ একেথৰে চাই ৰ'ল।মুখ ফুটাই একো ক'ব নোৱাৰিলে যদিও সি যেন মনৰ পৰা মোক কৈছে, দাদা তই ইহঁতবোৰৰ নিচিনা নহবি অ'। তোক সদায় ভগৱানে সহায় কৰিব।তাৰফালে চাই থাকোঁতে কেতিয়ানো গাড়ী ষ্টাৰ্ দিলে গমকে নাপালো। হঠাৎ গাড়ীখনে গতি লঁওতেহে গম পালো। আত্মসন্তুষ্টিৰে মন ভৰি পৰিল। নাজানো, মোৰোচোন ভোক নলগা হ'ল।
0 comments:
Post a Comment