$ অপেক্ষা $
মোৰ আৰু কৃতাক্ষী বৰুৱাৰ মেচেজ ।(কাল্পনিক)
এদিন তাই ক'লে..
তাই:- সোণ তুমি মোক কথা এটা কোৱা!
মই :- উম: কোৱা?
তাই :- তুমি মোক সচাই ভাল পোৱানে! !
মই :- কি ঔ পাগলী সাগৰৰ পানী আৰু আকাশৰ তৰা গণিব পৰালৈকে মই তোমাৰেই হৈ ৰম।
তাই :- থেংকিউ পাগল ।
এনেদৰেই পাৰ হয় ভালপোৱাৰ সময়বোৰ ।
কিন্তু ....
কিন্তু কি....
মোৰ আজি পঢ়াৰ সুত্ৰে ঘৰৰ পৰা দুৰত থকা বহুদিনেই হ'ল । তাই আৰু মোৰ মাজৰ সম্পৰ্ক কিছু হলেও পাৰ্থক্য আহিছে । মোৰ ভাললগা বোৰ তাইৰ বেয়া লাগিব ধৰিলে । ৰাতিপুৱাশুই উঠিয়েই মেচেজ দিয়া ছোৱালী জনী আজি ৰাতিলৈকে মেচেজৰ ৰিপ্লাই নাই .... ফোন নাম্বাৰ সলনি হ'ল। ইত্যাদি ইত্যাদি ....
প্ৰথম অৱস্থাত ভাৱিছিলো কিবা অসুবিধা বা নেটৱৰ্কৰ অসুবিধা হব পাৰে কিন্তু বহু দিন বাট চাই অৱশেষত তাইৰ ঘৰৰ ওচৰৰ ভন্টি মধুস্মিতাক সুধিলো ।
মধু:- হেল্ল জোনাক দাদা আজিনো মোলৈ কি মনত পৰিল ।
মই :- মধু ! মই এটা বিপদত পৰিছো অ।
মধু:- কি হ'ল দাদা?
মই :- কৃতাক্ষী খবৰ কি! মই বহুদিন এটা মেচেজো পোৱা নাই ।
মধু:- জোনাক দা বাইদেউৰ বিয়া দৰা অ এন জি চিৰ চাকৰি কৰে।
আৰু কিবা কোৱাৰ আগত ফোনটো হাতৰ পৰা সৰি পৰিল ....
নিমিষতে যেন মোৰ জীৱনটোত অমানিশা নামি আহিল ।
অ.....হয় বহাগৰ ২৫ তাৰিখে কৃতাক্ষী বিয়া সেই কথা শুনি মই মৰি যোৱা যেন হৈছিলো কিন্তু মোৰ দাদা আৰু বেষ্ট ফ্ৰেন্ড থকাৰ বাবে আজিও জীয়াই আছো বুকুত এপাচি বিষাদ লৈ। আজিও তোমালৈ পঠিওৱা মেচেজটো বাৰে বাৰে চাও কিজানি তোমাৰ ৰিপ্লাই আহে। মোবাইলটো বাজি উঠিলেই তোমাৰ ৰিপ্লাই বুলি বুকুত আজিও হাজাৰটা সপোন ফুলে । কিজানি মোক এৰি যোৱাৰ ৰিপ্লাইটোকে আহে.....বহুত কষ্ট হয় জীয়াই থাকিবলৈ ডায়েৰীৰ পাতবোৰ আজিও লুটিয়াই চাও । বাৰু তোমাৰ জীৱনটো সুখৰ হওক মই সদায়ে তোমাৰ ৰিপ্লাই লৈ বাট চাই ৰম। নিতৌ ৰাতিৰ দৰে আজিও তোমাৰ নামতে এটা কবিতা লিখিলো...
"মাজনী তোমাৰ বাৰু মোলৈ মনত পৰেনে? তুমি বাৰু আহিবানে উভতি মোৰ কাষলৈ!
আকৌ আগৰ দৰে ।
জুইয়ে পোৰা জীৱনটোত এটোপাল পানী দিবলে।।।"
মই ৰৈ আছো অতীতত আজিও আৰু ভৱিষ্যতেও সেই bnc কলেজৰ ১ নং কলেজ গেটত ..
হয় লগৰটোৱে এদিন থিকেই কৈছিল জীৱনতো এনেকুৱাই সুখে দুখে একাঁঠু পানী । এয়াই মোৰ প্ৰথম প্ৰেমৰ ব্যৰ্থ অনুভৱ ।
লিখা- বিচিত্র কুমাৰ ভূঞা(বিশ্বনাথ চাৰিআলি)❤
Wow you are just awesome brother. I'm a Bengali also.
ReplyDeleteQuotes