ads

Monday, September 2, 2019

// // 14 comments

Why the Ishan Uday credit failed for 2017-18 Batch? What is R11 - Reason for failure? When will the amount get credited?

Ishan Uday

Ishan Uday credit failed for 2017-18 Batch

Its been almost two years and still the scholarship amount is not credited to the students (2017-18 batch).
 Today ( 02/09/2019) the PFMS showed the transaction failed and the reason given in PFMS is R11.

Why it is showing transaction failed?

According to sources, we came to know that there are some Problems in PFMS.

What is R11?

R11 is a banking term which shows the reason for failed transaction in banks.
When the reason is shown R11 it means we have to contact the bank.

R11 in State Bank of India means -
Drawer's signature illegible


Rumors -

1) The bank server is down so the amount is not credited- Wrong
   Because all the Banks server will not be down at the same time. There are different servers for different banks.

2) The amount will not be credited- Wrong
The amount will be credited some may not get but majority will get the amount.

3) 2017-18 batch procedure is very slow- Wrong
The last batches amount was also credit lately.

4) UGC fund is empty- Wrong
It's a false rumor.

When will the amount get credited?

According to sources , The amount will be credited within a week.




Read More

Saturday, October 20, 2018

// // Leave a Comment

নিজৰ ব্যৰ্থ বাবে অপসাৰিত হল আৰক্ষী বিষয়া

অপসাৰিত হল আৰক্ষী বিষয়া

গুৱাহাটীৰ পশ্চিম আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত ভৱৰলাল মীনাক নিলম্বিত । কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে যোৱা দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক সঠিকভাৱে নিৰাপত্তা প্ৰদানত ব্যৰ্থ হোৱাৰ বাবে নিলম্বন কৰিলে  আৰক্ষী আয়ুক্ত মীনাক । ১৭ অক্টোবৰত কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে গৈছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ । এই তথ্য দিয়া হৈছিল যদিও ৰঞ্জন গগৈক নিৰাপত্তা প্ৰদানত ব্যৰ্থ হয় আৰক্ষী। কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰিবলৈ প্ৰৱেশ পথতে ভিৰৰ মাজত আবদ্ধ হৈ পৰিছিল দেশৰ মুখ্য ন্যায়াধীশগৰাকী। সেয়ে নিলম্বিত হ’ল উপআৰক্ষী আয়ুক্ত ভৱৰলাল মীনা।
Read More

Thursday, October 18, 2018

// // Leave a Comment

আজিৰ দিনটোৰ বিশেষ

১৮ অক্টোবৰ--

(বাতৰি লিখন- বিনিতা মিশ্ৰ)

আজি ইতিহাস প্ৰসিদ্ধ ফুলগুৰি ধেৱাই ১৫৭ বৰ্ষ অতিক্ৰম কৰিলে।
১৮৬১-১৮অক্টোবৰ


অ’ আইটী/ অ’ আইটী
তিনিজোপা আহতৰ তলতে,
অ’ আইটী ধেৱাখন লাগিলে......।
ৰূপচিং- চিৰচিং- বাহু- বনমালী...

ফুলগুৰি ধেৱা অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ।
বিদেশী ইংৰাজ চৰকাৰৰ শোষণ- শাসন, নিস্পেষণৰ বিৰুদ্ধে ১৮৬১ চনত (১৮ অক্টোবৰ) এক জংগী কৃষক বিদ্ৰোহ হৈছিল নগাঁও জিলাৰ কলং নৈৰ পাৰৰ ফুলগুৰিত। সেই বিদ্ৰোহ ফুলগুৰি ধেৱা নামেৰে খ্যাত। ইংৰাজ আৰু চিপাহীবোৰে তেতিয়া বিদ্ৰোহক ধাৱা বুলি অভিহিত কৰিছিল আৰু সেই ধাৱা অপভ্ৰংশ ৰূপত প্ৰচলিত হ’ল ধেৱা ৰূপে। উপযুক্ত নেতৃত্ব অবিহনেই জিলাখনৰ বিভিন্ন অঞ্চলৰপৰা কৃষকসকল স্বতঃস্ফুৰ্তভাৱে আহি সংঘটিত কৰা এই বিদ্ৰোহে অসমত কৃষক বিদ্ৰোহ, আন্দোলনৰ পাতনি মেলিছিল।

নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত তথা ৰহাৰ পৰা ৮ কি.মি পূৱে অৱস্থিত ফুলগুৰি বৰআঁহত তলতে ১৮৬১ চনৰ ১৮ অক্টোবৰ তাৰিখে সংগঠিত হৈছিল ফুলগুৰি ধেৱাৰ মূল ৰণ।

ফুলগুৰিৰ বৰ আঁহতৰ তলত ফুলগুৰিকে ধৰি কটহগুৰি, বাৰপূজীয়া, কাছমাৰী, হাতীচোং, ডিমৌ, দেওবালি, হাজাগিয়াল, ৰিয়ামুখ, মায়ং, গোভা, মোলানকাটা, ৰামহাং, আটি, চহৰী, ম’ৰাগাঁও, ৰহা, কপিলী, টোপাকুছি, কুমৈ, উত্তৰখোলা, জুপহিতলি, বমৰা আদি অঞ্চলৰ পৰা হাজাৰ হাজাৰ কৃষক ৰাইজ আহি সমবেত হৈ ইংৰাজৰ অন্যায় নীতিৰ বিৰুদ্ধে ৰাইজমেল অনুষ্ঠিত কৰে৷ ইফালে, কৃষক ৰাইজৰ এনে বিদ্ৰোহৰ বিষয়ে বুজ ল’বলৈ অহা ইংৰাজ বিষয়া চিংগাৰক তেওঁৰ পাশবিক অত্যাচাৰত অতিষ্ঠ হৈ পৰা ক্ষোভিত ৰাইজে কোবাই কোবাই সেইদিনাই হত্যা কৰে আৰু মৃতদেহটো কলং সুতিত উটুৱাই দিয়ে৷

পিছত এই খবৰ ইংৰাজ কৰ্তৃপক্ষই জানিব পাৰি অনতি পলমে দলে-বলে আহি উক্ত স্থানত উপস্থিত হয় আৰু ৰাইজে পুনৰ পিছদিনা একে স্থানতে সমবেত হৈ প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ সময়তে সশস্ত্ৰ ইংৰাজ বাহিনীয়ে ৰাইজৰ ওপৰত অতৰ্কীতে কোনো কথাৰ অৱতাৰণা নকৰি নিৰ্বিচাৰে গুলীচালনা কৰে৷ বৰ্বৰভাবে চলোৱা এই গুলীচালনাত ৩৯ জন নিৰীহ কৃষকে ঘটনাস্থলীতে কৰুণ মৃত্যুক আকোঁৱালি লয়৷

তদুপৰি ব্ৰিটিছ বাহিনীয়ে ৬৬ জন লোকক আটক কৰি ইয়াৰে ৩২ জনক কলিয়াপানীলৈ প্ৰেৰণ কৰে৷ আনকি ইয়াৰ পিছতো ইংৰাজে ফুলগুৰি অঞ্চলৰ আন ১৫ জন লোকক নৃশংসভাবে হত্যা কৰিছিল৷ এয়াই আছিল গা শিহৰিত কৰি তোলা 'ফুলগুৰি ধেৱা'ৰ অতি নিদাৰুণ তথা জীৱন্ত কাহিনী৷

১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত সংঘটিত হোৱা 'ফুলগুৰি ধেৱা'ই প্ৰথম কৃষক বিদ্ৰোহ বুলি অভিহিত কৰিব পাৰি৷ কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে- সুদীৰ্ঘ ১৫৭ টা বৰ্ষ পাৰ হৈ যোৱাৰ পিছতো 'ফুলগুৰি ধেৱা'ই ভাৰতৰ ইতিহাসত উপযুক্ত স্থান অধিকাৰ কৰিবলৈ সক্ষম নহ’ল।
আৰু এই বিদ্ৰোহৰ শ্বহীদ সকলেও উচিত মৰ্য্যদা লাভৰ পৰা বঞ্চিত হৈ থাকিব লগীয়া হ'ল।
Read More

Wednesday, October 17, 2018

// // 1 comment

কেইটিমান সুন্দৰ কথা - "ভোজ ৰজাই কালিদাসক কৰা দহটা প্ৰশ্ন আৰু তাৰ উত্তৰ"

কেইটিমান সুন্দৰ কথা :-

"সৰগত হেনো সকলো আছে কিন্তু মৃত্যু নাই" ৷"গীতাত সকলো আছে কিন্তু অসত্য নাই "৷" জগতত সকলো আছে কিন্তু সুখ নাই "৷"আজিৰ মানুহৰ সকলো আছে কিন্তু ধৈৰ্য্য নাই "৷

 "ভোজ ৰজাই কালিদাসক কৰা দহটা প্ৰশ্ন আৰু তাৰ উত্তৰ ":-



১) জগতত ভগৱানৰ সৰ্বশ্ৰেষ্ঠ ৰচনা কি ?
উ: “মা”

২) সৰ্বশ্ৰেষ্ঠ ফুল কি ?
উ: কপাহৰ ফুল

 ৩) সৰ্বশ্ৰেষ্ঠ সুগন্ধ কি ?
উ: বৰষুণত ভিজা মাটিৰ গোন্ধ

 ৪) সৰ্বশ্ৰেষ্ঠ মিঠা কি ?
উ: কথাৰ মিঠা

৫) সৰ্বশ্ৰেষ্ঠ গাখীৰ কি ?
উ: মাতৃদুগ্ধ

৬) সকলোতকৈ ক’লা কি ?
উ: কলঙ্ক

৭) সকলোতকৈ ওজন বেচি কাৰ ?
উ: পাপ

 ৮) সকলোতকৈ সুলভ কি ?
উ: উপদেশ

 ৯) সবাতকৈ মূল্যৱান কি ?
উ: সহযোগ

১০) সকলোতকৈ তিতা কি ?
উ: সত্য
Read More

Monday, October 15, 2018

// // 1 comment

পত্নী কি? পত্নীৰ প্ৰকাৰ সমুহ উল্লেখ কৰা।

(ধেমালি কৰো আহক)

পত্নী কি? পত্নীৰ প্ৰকাৰ সমুহ উল্লেখ কৰা।


*পত্নী হৈছে পুৰুষ নিৰ্যাতনৰ এক আধুনিক মাধ্যম। পত্নী নামৰ প্রাণী ভাৰত সহ সম্পূর্ণ বিশ্বত বহুতো পোৱা যায়।

...প্রাচীনকালত এওলোকক ৰন্ধনশালা/ভোজনালয় আদি ঠাইত পোৱা গৈছিল, কিন্তু বর্তমান সময়ত এওলোকক শ্বপিং মল, মাল্টিপ্লেক্স আৰু ৰেষ্টৰেন্টত় অধিক দেখা যায়।

আগতে এই প্রজাতিৰ চুলি দীঘল আছিল আৰু আকৃতি সুন্দৰ আছিল কিন্তু সম্প্রতি চুটি চুটি চুলি, কৃত্রিম শ্বেতবর্ণ মুখ, তেজৰ নিচিনা লাল ওঠ সমন্বিত দেখা যায়।

এওঁলোকৰ মুখ্য আহাৰ পতি নামক মূখ্য প্রাণীৰ কষ্টৰ ধন আৰু মস্তিষ্ক। ভাৰতবর্ষত এওঁলোকৰ
*ধর্মপত্নী
*ভাগ্যবতী
 *গৃহলক্ষ্মী ইত্যাদি নামে জনা যায়।

অধিক কথা কোৱা বিনাকাৰনত কাজিয়া কৰা, অধিক ব্যয় কৰা এই প্রজাতিৰ প্রধান লক্ষণ। কার্যতঃ এই প্রজাতিৰ ওপৰত সম্পূর্ণভাবে অধ্যয়ণ কৰা সম্ভৱ নহয়। কিন্তু সাধাৰনতে পত্নী নিম্নপ্রকাৰৰ হয় :-

১) সহনশীল পত্নী:- এই প্রজাতি সাম্প্রতিক সময়ত  বিলু্প্তি হৈ গৈছে। এই প্রজাতিৰ প্রাণী  সহনশীল হয় আৰু প‌্ৰতিটো ঘৰত সহজলভ্য আছিল।

২) আক্রমণকাৰী পত্নী :- এই প্রজাতিটো ভাৰত সহ গোটেই বিশ্বজুৰি অধিক মাত্রাত পোৱা যায়। এওলোক আক্রমনাত্মক শৈলী ও প্রবল প্রহাৰৰ বাবে অধিক পৰিচিত। এওলোক  সময়উপযোগী অস্ত্র যেনে ৰুটি বনোৱা বেলন  ঝাৰু চেণ্ডেল আদিৰ প্রয়োগ অনায়াসে কৰি থাকে।

৩) কাজিয়াপত্নী :- এই প্রজাতিও বর্তমানে প্রায় সর্বত্রই পোৱা যায়। এওঁলোকৰ চিঞৰি কথা কোৱা ও কথায় কথায় কাজিয়া কৰা খুবেই পছন্দনীয়। এওঁলোকক বেছিভাগ সময় শাহুমাক নামৰ আৰু এক ভয়ঙ্কৰ প্রাণীৰ সন্মুখীন হব লাগে

৪) ব্যয়কাৰীপত্নী :- ভাৰতৰ নিচিনা দুখীয়া দেশতো এই প্রজাতি সংখ্যা অনবৰত বাঢ়ি গৈ আছে। এওলোকৰ মুখ্য আচৰনৰ মাজত উল্লেখযোগ্য হৈছে ক্রেডিট কার্ড ৰখা, চিন্তা নকৰাকৈ খৰচ কৰা আৰু বিনা প্রয়োজনে বস্তু কিনা। এই প্রজাতিৰ লগত পতি নামক প্রাণীক চেণ্ডেল পিন্ধী ক্লান্ত হৈ পিছে পিছে ঘুৰা দেখা যায়।

৫) লেবেলী পত্নী:- এই প্রজাতি প্রাণীৰ বেছিভাগ সময় আয়নাৰ সন্মুখত পোৱা যায়। এওঁলোকৰ ওঠ তেজৰ দৰে লাল, দীঘল দীঘল নখ, বিভিন্ন ধৰণৰ চুল, মুখ বগা পাউডাৰেৰে লিপ্ত হৈ থাকে। এওলোকৰ ৰন্ধনশালত প্রবেশ কৰা ও গৃহস্থালিৰ টুকটাক কাম কৰা একেবাৰেই পছন্দ নহয়। কথায় কথায় "কি য়ে" --- "হ য়ে" কৰা এওঁলোকৰ অভ্যাস আছে বুলি এওলোকৰ আৰু এটা নাম *লেবেলী ও বুলি জনা যায়। বিউটি পার্লাৰ এওলোকৰ  তীর্থস্থান।

সাৱধানতা :- পতি নামক প্রাণীৰ কাৰণে এই প্রজাতিৰ প্রাণী অত্যন্ত ভয়ঙ্কৰ আৰু আক্রমনাত্মক হয়। এওঁলোকক সময়ে সময়ে শাৰী, ফুল ও গহনা ইত্যাদি দি সাময়িকভাবে নিয়ন্ত্রণত ৰখা যাব পাৰে। কিন্তু মনে ৰখা উচিৎ যে সেইটো সাময়িক।]

*পত্নীৰ আৰু কিছু প্রকাৰ তলত দিয়া ধৰণৰ


১) এলেহুৱা পত্নী* :- নিজেই চাহ বনাই খাওক আৰু এক কাপ মোকোও দিব।

২) দমৱালী পত্নী* :- ভালকৈ শুনি লোৱা..., এই ঘৰত হয় তোমাৰ মা থাকিব হয় মই।

৩) ভবিষ্যতবক্তা পত্নী :- আগন্তক সাত জন্মতো মোৰ নিচিনা পত্নী নাপাবা..., এই কৈ থলো..

৪) ইতিহাসপ্রেমী পত্নী :- তোমাৰ খানদান কেনে সব জানো..

৫) ভ্রান্তবুদ্ধি পত্নী :- তুমি কি 'মানুহ.! নে কি.?

৬) সন্দেহভৰালী পত্নী :-মোৰ কোন সতীনীৰ  লগত ইমান সময় ধৰি ফোনত কথা পাতি আছিলা?

৭) ধার্মিক পত্নী :-ভগৱানক ধন্যবাদ দিয়া যে মোৰ দৰে পত্নী পাইছা....!!

হে ভগৱান !
   
     #সংগ্ৰহ
Read More